60
নগাঁওঃ নগাঁও চহৰৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গৰমৰ বন্ধ খোলাৰ এদিন পিছতে মহাবিদ্যালয়খনত এজন প্ৰবক্তাই আন এজন প্ৰবক্তাক আক্ৰমণ কৰে ব্লেডেৰে।
মহাবিদ্যালয়খনৰ আৰৱী বিভাগৰ ঠিকাভিত্তিক শিক্ষক আব্দুল গফুৰে ব্লেডেৰে আক্ৰমণ কৰে একেটা বিভাগৰে সহকাৰী শিক্ষক জেহিৰুল ইছলামক। ফলত তেজৰে ৰাঙলী হৈ পৰে মহাবিদ্যালয়খনৰ আৰৱী বিভাগ।