বাইহাটা চাৰিআলিঃ শিক্ষক আৰু ছাত্ৰৰ গুণাগুণ নিৰ্ণয় কৰাৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱৰ আয়োজন কৰি ব্যাপক ঢাক-ঢোল বজাই থকাৰ সময়তে গুণোৎসৱৰ ভৰ সহিব নোৱাৰি এগৰাকী প্ৰধান শিক্ষকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত৷
মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা শিক্ষকক ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত খতিয়ান লৈ তুচ্ছ-তাচ্ছিল্য কৰা খোদ শিক্ষামন্ত্ৰীৰ সমষ্টিতে সংঘটিত হৈছে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চিপ লৈ নিজৰ জীৱন ত্যাগ কৰাৰ দৰে ঘটনা।