newsnextone.com।খাৰুপেটীয়াঃ পৰীক্ষাত ছাত্র-ছাত্ৰী সকলে এশ শতাংশ নম্বৰ লাভ আৰু গুণগত উৎকর্ষ সাধন দুয়োটাই সম্পূৰ্ণ পৃথক বিষয়। পৰীক্ষাত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা অনেক ছাত্ৰ-ছাত্ৰী গুণগত দিশত পৰিপক্ক নহবও পাৰে। ভাটৌৰ দৰে শিকি লাভ কৰি শিক্ষা পিছৰ সময়ত কামত নহাটো প্ৰায়েই পৰিলক্ষিত হয়। শনিবাৰে সদৌঅসম চেকেণ্ডাৰী স্নাতক শিক্ষক সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত মংগলদৈৰ ইউথ ক্লাৱত আয়োজিত এক বক্তৃতা অনুষ্ঠানত এনেদৰে কয়, মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত কুমাৰ তামূলীয়ে।

দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক শিক্ষকৰ উপস্থিতত শিক্ষাবিদ হেমন্ত কুমাৰ তামূলীয়ে বৰ্তমান প্ৰজন্মত শিক্ষিতৰ সংজ্ঞাৰ পৰিৱৰ্তন হৈছে। পূৰ্বে লিখা-পঢ়া, গণনা কৰিব পৰা লোককেই শিক্ষিত শাৰীত ধৰা হৈছিল, আজি কালি তেনে ধাৰণাৰ পৰিবৰ্তন ঘটিছে। এতিয়া শিক্ষিত বুলিলে পূৰ্বৰ গুণ সমূহৰ উপৰিও ব্যক্তি এজনৰ মানৱীয় প্ৰমূল্যবোধ, দায়বদ্ধতা আৰু অধিকাৰ জ্ঞানো বুজায়। বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মতে, ছাত্ৰ-ছাত্ৰীৰ গুণগত উৎকর্ষ সাধন আৰু সৰ্বাংগীন বিকাশৰ বাবে সমাজত ভাল শিক্ষকৰ প্ৰয়োজন।

"ছাত্ৰ-ছাত্ৰীৰ গুণগত উৎকর্ষ সাধনত শিক্ষকৰ দায়বদ্ধতা" শীৰ্ষক  বক্তৃতাত অংশগ্ৰহণ কৰি মংগলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ নগেন্দ্ৰ নাথ শৰ্মাই কয়, প্ৰকৃত শিক্ষক সকলে ২৪ ঘন্টা শিক্ষকৰ দৰে আচৰণ কৰে। বৰ্তমান বিশ্বত গোলকীকাৰণৰ ফলত ভাৰতবৰ্ষ পৃথিৱীৰ বিভিন্ন দেশৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সদৃশ হৈ পৰিছে।

বৰ্তমান অৱস্থাৰ পৰিপ্ৰেক্ষিত ভাৰতীয় শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন অনাৰ কথা দোহাৰি তেওঁ কয়, ১৩৬ কোটিৰ দেশ ভাৰতবর্ষক বজাৰ নহয় উৎপাদক দেশ ৰূপে গঢ় দিবলৈ শিক্ষক সকলে যত্ন কৰিব লাগে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি দৰঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক নগেন চন্দ্ৰ বড়োৱে কয়, ছাত্ৰ-ছাত্ৰী সকলে জীৱন গঢ়িবলৈ পৰীক্ষাত উন্নত ফলাফল দেখুওৱা প্ৰয়োজন। কিন্তু কম নম্বৰ পালেই যে সমাজলৈ অৱদান যোগাব নোৱাৰে সেয়া নহয়। ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসম কন্যা দৌৰবিদ হিমা দাসৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁক দেশবাসীৰ এক নতুন প্ৰেৰণা বুলি কয়।

ইয়াৰ পূৰ্বে ৰাইজক সম্বোধন কৰি দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বর্মনে কয়, মানুহৰ আশা বহুল পৰিসৰৰ হব লাগে, কিন্তু অন্যায় আশা কৰাটো ভুল। নিজৰ লগত সমাজৰো বিপদ মাতি আনে। আব্দুল ৰৌফ আহমেদৰ সঞ্চালনত আয়োজিত সভাত ৰাষ্ট্ৰীয় কৃতী শিক্ষক পুৰস্কাৰ প্ৰাপ্ত দৰঙৰ শিক্ষক শশাংক হাজৰিকা ২০১৮ৰ হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত নিজ নিজ বিষয়ত সুফল দেখুওৱাৰ পৰা শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত আগন্তক মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এটা হেল্প লাইন মুকলি কৰে দৰঙৰ অতিৰোক্ত উপায়ুক্ত কল্পনা ডেকাই । আনহাতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে পুথি উন্মোচন কৰাৰ লগতে উপস্থিত শিক্ষক সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে।