newsnextone.com।খাৰুপেটীয়াঃ পৰীক্ষাত ছাত্র-ছাত্ৰী সকলে এশ শতাংশ নম্বৰ লাভ আৰু গুণগত উৎকর্ষ সাধন দুয়োটাই সম্পূৰ্ণ পৃথক বিষয়। পৰীক্ষাত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা অনেক ছাত্ৰ-ছাত্ৰী গুণগত দিশত পৰিপক্ক নহবও পাৰে। ভাটৌৰ দৰে শিকি লাভ কৰি শিক্ষা পিছৰ সময়ত কামত নহাটো প্ৰায়েই পৰিলক্ষিত হয়। শনিবাৰে সদৌঅসম চেকেণ্ডাৰী স্নাতক শিক্ষক সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত মংগলদৈৰ ইউথ ক্লাৱত আয়োজিত এক বক্তৃতা অনুষ্ঠানত এনেদৰে কয়, মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত কুমাৰ তামূলীয়ে।
দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক শিক্ষকৰ উপস্থিতত শিক্ষাবিদ হেমন্ত কুমাৰ তামূলীয়ে বৰ্তমান প্ৰজন্মত শিক্ষিতৰ সংজ্ঞাৰ পৰিৱৰ্তন হৈছে। পূৰ্বে লিখা-পঢ়া, গণনা কৰিব পৰা লোককেই শিক্ষিত শাৰীত ধৰা হৈছিল, আজি কালি তেনে ধাৰণাৰ পৰিবৰ্তন ঘটিছে। এতিয়া শিক্ষিত বুলিলে পূৰ্বৰ গুণ সমূহৰ উপৰিও ব্যক্তি এজনৰ মানৱীয় প্ৰমূল্যবোধ, দায়বদ্ধতা আৰু অধিকাৰ জ্ঞানো বুজায়। বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মতে, ছাত্ৰ-ছাত্ৰীৰ গুণগত উৎকর্ষ সাধন আৰু সৰ্বাংগীন বিকাশৰ বাবে সমাজত ভাল শিক্ষকৰ প্ৰয়োজন।