নগাঁওঃ মানৱ সম্পদ গঢ়াৰ খনিকৰে খালে ছাত্ৰ-ছাত্ৰীৰ টকা৷ নগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ এলেকাধীন জাজৰিৰ নৱ জীৱন শিশু শ্ৰমিক বিদ্যালয়ৰ পৰ্ধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
অভিযোগ মতে, শিশু শ্ৰমিকসকলৰ কল্যাণাৰ্থে স্থাপিত এই বিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰীয়ে বিদ্যালয়ৰ কণ কণ শিশুসকলৰ বাবে আবন্টিত হৈ অহা বছৰেকীয়া ভাট্টাৰ ধন কৌশলেৰে অভিভাৱকসকলক অন্ধকাৰত ৰাখি আত্মসাতৰ অভিসন্ধিত লিপ্ত হৈছে ৷