গোৰেশ্বৰঃ ৰাজ্যত এতিয়া ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থকা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাজ ভাত, বস্ত্ৰৰ, সন্তানৰ পঢ়া খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে গাড়ী চলাব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷
বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব নোৱাৰি বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ তাৰ মাজতে আৰু এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰে এই পৃথিৱীৰ পৰা অন্তৰত বহু বেদনা লৈ মেলানি মাগিলে৷ ২৩ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত আন এজন শিক্ষাগুৰুৱে শিক্ষামন্ত্ৰীৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হ’ল বুলি অভিযোগ উত্থাপন হৈছে৷