61
লাহোৱালঃ লাহোৱালৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শিক্ষক দিৱস পালন কৰা হয়৷ বিদ্যালয় খনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কল্যান দত্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷
ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদিকা নলনী ঘাটোৱাৰে আঁতধৰে সভাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা যাচে ছাত্ৰ-ছাত্ৰীয়ে।