newsnextone.com | অভয়াপুৰীঃ আজি শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বিশ্ব বিশ্ৰুত পণ্ডিত, আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস হিচাপে। আমাৰ ৰাজ্য খনতো চৰকাৰী খণ্ডতেই হওঁক অথবা বেচৰকাৰী খণ্ডতেই হওঁক গুৰু-শিষ্যৰ মাজত বেছ উলহ মালহেৰে পালন কৰা হয় এই পবিত্র দিৱসটি।
শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস। কিন্তু দুখৰ বিষয় যে অসমত এনে বহুসংখ্যক শিক্ষক আছে যি সকলে সু-নাগৰিক গঢ়াৰ কমাৰশালত জীৱনৰ অতি মূল্যবান সময় অতিবাহিত কৰিলে কিন্তু আজি পৰ্যন্ত লাভ কৰিব সক্ষম নহ’ল কোনো ধৰণৰ চৰকাৰী স্বীকৃতি।