দলংঘাটঃ ৰাজ্যৰ পান্তে পান্তে গুৰু-শিষ্যৰ পবিত্ৰ বান্ধোন৷ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, পণ্ডিত, দাৰ্শনিৰ আৰু আজীৱন শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ সোঁৱৰণত শিক্ষক দিৱস পালন কৰা হয়৷
আজি সমগ্ৰ দেশৰ লগতে উত্তৰ-পশ্চিম দৰংৰ বালিপোতা উচ্চ-মাধ্যমিক বিদ্যালয়, ভূপেন হাজৰিকা জাতীয় বিদ্যালয় বালিপোতা, শংকৰদেৱ শিশু নিকেতন বালিপোতা, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়, দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেব শিশু নিকেতন দেওমৰনৈ, দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন কৰা হয়৷