হোজাইঃ হোজাই জিলাৰ নীলবাগানৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান নৱজ্যোতি একাডেমীত আজি ব্যাপক উলহ মালহ আৰু জাকজমকতাৰে শিক্ষক দিৱস উদযাপন কৰা হয়৷ নৱজ্যোতি একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে আয়োজন কৰা শিক্ষক দিৱস কাৰ্যসুচীত অঞ্চলটিৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে নৱজ্যোতি একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সমৰ্ধনা জনোৱা হয়৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কালামৰ সভাপতিত্বত অনুষ্ঠিত উক্ত শিক্ষক দিৱসৰ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়খনৰ দশম শ্ৰেনীৰ ছাত্ৰী সিদ্দিকা সাহদিয়াই৷ সভাত ভাষণ প্ৰসংগত বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীয়ে শিক্ষকসকলৰ শিক্ষাদানৰ মহৎ উদ্দেশ্যৰ বিষয়ে কৃতজ্ঞতাৰে সুঁৱৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনত প্ৰতিগৰাকী শিক্ষকৰ অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু সমাজ গঠনত শিক্ষকৰ মহান ভুমিকাৰ বিষয়ে বহলাই বাখ্যা কৰে৷