তেজপুৰঃ ভৰতৰ দ্বিতীয়গৰাকী ৰাষ্টপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে ৫ চেপ্চেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়৷ এডাল মমবাটিৰ দৰে জ্বলি জগতত পোহৰ জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকসকলৰ বাবে আজি এটা বিশেষ দিন৷ শিক্ষকৰ অশ্, কষ্ট আৰু সাধনাৰ ফলশ্ৰুতিতে সৎ মানুহৰ জন্ম হয়৷
সেই বাবেই আজিৰ এর বিশেষ দিনটোত শিক্ষক জাতিক এজোলোকা প্ৰণিপাত জনাই কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ শিক্ষাগুৰু সকলৰ ত্যাগ আৰু জ্ঞানক শ্ৰদ্ধা জনাই আজি তেজপুৰতো জিলা প্ৰশাসন আৰু শিক্ষক সন্থা সমুহৰ সহযোগত ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।