জাজৰিঃ আজি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণীৰ দিন৷ সমগ্ৰ দেশৰ লগতে জাজৰি অঞ্চলৰ সকলো শিক্ষানুষ্ঠানত উলাহ-উদ্দিপনাৰে উদযাপন কৰে শিক্ষক দিৱস। ভাৰতৰ দ্বিত্বীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত আজি শংকৰ-আজান জাতীয় বিদ্যালয়ে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে।
ড° ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত জ্যেষ্ঠ শিক্ষাগুৰু জামালুদ্দিন আহমেদক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। লগতে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্রী সকলক বস্ত্র উপহাৰ, কলম, গ্ৰন্থৰে সন্মান জনোৱা হয়।