67
নগাঁওঃ দেশৰ আন ঠাইৰ লগতে জুৰীয়াৰ অন্যতম ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনেৰে আৰম্ভ হোৱা শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত গীত-মাত প্ৰতিযোগিতাৰ লগতে শিক্ষাৰ্থী-শিক্ষকৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্র-ছাত্ৰীসকলে শিক্ষা গুৰু সকলক এটি গছ পুলিৰে সম্বৰ্ধনা জনায়৷