Home ৰাজ্যকাকপথাৰত এক ব্যতিক্ৰমি ৰূপত শিক্ষক দিৱস পালন

কাকপথাৰত এক ব্যতিক্ৰমি ৰূপত শিক্ষক দিৱস পালন

by News Desk
56 views
A+A-
Reset

কাকপথাৰঃ দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি তথা মহান শিক্ষক, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল- মোৰ জন্মদিনটো জন্মদিন হিচাপে উদযাপন কৰাতকৈ শিক্ষক দিৱস ৰূপে পালন কৰিলে মই গৌৰৱবোধ কৰিম। আৰু সেই মহান ব্যক্তি গৰাকীক স্মৰন কৰি সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি অহা হৈছে ৫ ছেপ্তেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে>

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি কাকপথাৰতো পালন কৰা হয় শিক্ষক দিৱস। কাকপথাৰৰ প্ৰায়কেইখন বিদ্যালয়ৰ লগতে কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়তো বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা জানমণি মহন্ত দুৱৰাই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন নাচ গানৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতো বিভিন্ন মনোৰঞ্জন মূলক প্ৰতিযোগীতা অনুষ্ঠিত হয়। শিক্ষক গোটৰ ফালৰ পৰা বুৰঞ্জী বিষয়ৰ শিক্ষক তপন শৰ্মাই ৰাধাকৃষ্ণননৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি জীৱনৰ সকলো সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ছাত্ৰ-ছাত্ৰী সকলক এক সফল জীৱনৰ দিশে আগুৱাই যাবলৈ আহ্বান জনায়।
লগতে সদৌ মৰাণ ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক সমিতিয়ে এক ব্যতিক্ৰমিভাৱে শিক্ষক দিৱসটো উদযাপন কৰে। সদৌ মৰাণ ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক সমিতিৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা প্ৰতিখন চৰকাৰী-বেচৰকাৰী উচ্চ-মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই ভৱিষ্যত জীৱন উজ্বলাবলৈ আপ্ৰাণ চেষ্টা কৰি অহাৰ কাৰণে সম্বৰ্ধনাৰ লগতে একোখনকৈ ধন্যবাদ পত্ৰ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0