লাহোৱালঃ লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সংসদৰ দ্বাৰা আয়োজিত হয় শিক্ষক দিৱস। সভাৰ আঁত ধৰে সাহিত্য সংস্কৃতিৰ সেৱক পৰীক্ষিত শেনচোৱাই। বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ অনুষ্ঠান আগুৱাই নিয়ে স্বাস্থ্য, পৰিৱেশ আৰু পঞ্চম শ্ৰেণীৰ বৰ্গ সেৱক বিকাশ কোঁৱৰ, যোগেশ উৰাং আৰু ৰাজীৱ কোঁৱৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কল্যাণ সেৱক বিবেক গগৈয়ে।
সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰধান সেৱক বাস্তৱ বৰুৱা আৰু শিক্ষা সেৱক প্ৰণয় শেনচোৱাই। ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠানৰ আঁত ধৰে সাহিত্য সংস্কৃতিৰ সহযোগী সেৱক টিনা কোঁৱৰ আৰু শিক্ষা সহযোগী সেৱক পৰী গগৈয়ে। শলাগৰ শৰাই আগবঢ়াই তৃতীয় শ্ৰেণীৰ সহযোগী সেৱক ঝৰ্ণা গগৈয়ে।