বৰক্ষেত্ৰীঃ আজি শিক্ষক দিৱস উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা যায়। পিছ পৰি ৰোৱা নাই নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বিদ্যালয় সমূহো। আজি বৰক্ষেত্ৰীৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিক্ষক দিৱস।
এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে নুৰুল হক আলিয়ে দ্বিতীয় স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্র একতা সভাই আজি এখন সভা অনুষ্ঠিত কৰে৷ সভাত শিক্ষক আৰু ছাত্র ছাত্ৰীসকলে তেওঁলোকৰ সম্বন্ধ কেনেদৰে মধুৰ কৰি শিক্ষা জীৱনত আগুৱাই যাব পাৰি তাৰ ওপৰত আলোকপাত কৰে।