নামতিঃ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষক, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে আজি দেশৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো উদযাপন কৰা হয়।
দাৰ্শনিক শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৬ সংখ্যক জন্মদিনটো আজি শিৱসাগৰ জিলা ছাত্র সন্থাৰ অন্তর্গত নামতি আঞ্চলিক সমিতিয়ে বৃহত্তৰ নামতি অঞ্চলৰ আটাইকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা জনাই শিক্ষক দিৱস পালন কৰে৷