তুলসীবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত গুণোৎসৱক লৈ সৃষ্টি হোৱা উখল মাখল পৰিৱেশৰ মাজতে ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত অপ্ৰাদেশীকৃত খোপনিকুছি এম ই মাদ্ৰাছাৰ শিক্ষক আকবৰ আলীয়ে টকাৰ অভাৱত সাৱটিলে অকাল মৃত্যুক৷ সুদীৰ্ঘ ২৫ বছৰ কাল বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক গৰাকীয়ে মৃত্যুৰ সময়তো চৰকাৰৰ ফালৰ পৰা নাপালে কোনো সহাৰি৷
দীৰ্ঘ দিন ধৰি মধুমেহ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আৰ্থিক অক্ষমতাৰ কাৰণে উপযুক্ত চিকিত্সাৰ পৰা বঞ্চিত শিক্ষক আলীয়ে মাত্ৰ ৪৪ বছৰ বয়সতে জিএমচিএইচ হস্পিতালত ৯ অক্টোবৰৰ নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটে৷