নগাঁওঃ ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে গুণোৎসৱ অনুষ্ঠিত কৰিছে যদিও একাংশ শিক্ষকে শিক্ষা বিভাগটোৰ সংস্কাৰ হোৱাটো কমনা নকৰি বিভিন্ন অনৈতিক কাৰ্যত জৰিত হৈ পৰা দেখা যায়৷ শিক্ষা মন্ত্ৰীয়ে শিক্ষাৰ মানদণ্ড অধিক গতিশীল আৰু ত্বৰান্বিত কৰি তোলাৰ লক্ষ্য বিভাগটোক স্বচ্ছ, নিকা আৰু সংস্কাৰমুখী কৰাৰ উদ্দেশ্য কাৰ্যসূচী গ্ৰহণ কৰি আমূল পৰিৱৰ্তন কৰাৰ চেষ্টা চলােৱাৰ সময়তে ৰাজ্য খনৰ একাংশ শিক্ষকে নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰৰা অভিযোগ উত্থাপন হৈ আহিছে৷
তাৰ মাজতে, নগাঁও জিলাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ৷ নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত গৰিয়া কাৱৈমাৰী বালক মোক্তাৱৰ প্ৰধান শিক্ষক ছফিকুল ইছলামৰ বিৰুদ্ধে অনিয়মীয়া উপস্থিতিৰ অভিযোগ উত্থাপন কৰে খোদ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। প্ৰধান শিক্ষক জনে চৰকাৰী নীতি নিয়ম উলংঘা কৰি নিজ ইচ্ছামতে মতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিদ্যালয় ছুটী দি ঘৰলৈ যোৱাৰ অভিযোগো উত্থাপ নহয়৷