নগাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড অধিক গতিশীল আৰু ত্বৰাম্বিত কৰি তোলাৰ অৰ্থে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহন কৰি আহিলেও একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ কৰ্ম-কাণ্ডই তেনেবোৰ পদক্ষেপৰ পৰা ফল ধৰা দেখা নাযায়। বহু শিক্ষকে চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে জনোৱা আহ্বানক ভ্ৰুক্ষেপ নকৰে। চৰকাৰ তথা শিক্ষামন্ত্ৰীৰ কথাটো দুৰৰ কথা খোদ বিদ্যালয়ৰ সহঃশিক্ষক আৰু ছাত্ৰী-ছাত্ৰীৰ কথাকেই নুশুনে।
তাৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক আবু হানিফ আনচাৰীৰ কথাকে ক’ব পাৰি৷ চৰকাৰে বিদ্যালয়ৰ সমীপত চিগাৰেট বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰাৰ সময়তে এই নিয়মক ভংগ কৰি আহিছে ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক আবু হানিফ আনচাৰীয়ে।