গুৱাহাটীঃ অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হল পাঞ্জাবাৰীৰ জনশিমলু হাই স্কুলৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ বন বিভাগে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান চলোৱাৰ নামত ছাত্ৰ-ছাত্ৰীৰ সপোনাৰ-আদৰৰ স্কুল খন ভাঙি পেলোৱাত যোৱা চাৰিদিন ধৰি শোকবিহ্বল হৈ পৰি বিভন্ন পক্ষক আহ্বান জনাই সহাৰি নাপায় অৱশেষত বৃহস্পতিবাৰে প্ৰতিবাদ কৰে বিদ্যালয় খনৰ ভগ্নাৱশেষৰ মাজত থিয় হৈ৷
চাৰিদিন পূৰ্বে ছাত্ৰ-ছাত্ৰীয়ে স্কুল খনত শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰি থকাৰ সময়তে বন বিভাগে এক্সেভেটৰ লগাই ভাঙি পেলায়৷ ছাত্ৰ-ছাত্ৰীক কিতাপ-পত্ৰ. ডেস্ক, বেঞ্চ উলিয়াবৰ বাবে সময় নিদিলে প্ৰশাসনে৷ কাতৰ আহ্বানক নেওচি প্ৰশাসনে বিদ্যালয় খন ভাঙি পেলায়৷ তাৰ পিছৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সংবাদ মাধ্যমে এই খবৰক গুৰুত্ব প্ৰদান কৰে৷