শিমলুগুৰিঃ ৰাজ্যৰ শিক্ষা বিভাগটোৱে গুণোৎসৱ পালন কৰি সৰ্বশিক্ষা মিছনৰ কোটি কোটি টকা খৰচ কৰি পৰিৱৰ্তনৰ ঢাক ঢোল বজাই আহিছে৷ কিন্তু বিভাগটোৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে বিনা-বেতনে গুণোৎসৱকে ধৰি কেতবোৰ চৰকাৰী নিৰ্দেশনা পালন কৰি যাবলৈ বাধ্য হৈছে৷
এই মন্তব্য সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ৷ মঙলবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি এক বিবৃতি যোগে বিত্ত বিভাগে সপ্তম দৰমহা আয়োগত শিক্ষকৰ দৰমহা পুনৰ গাঁঠনি অনুসৰি প্ৰাথমিক পৰ্যায়ৰ সকলো স্নাতক প্ৰশিক্ষন প্ৰাপ্ত শিক্ষকে গ্ৰেজুৱেট স্কেল পাব বুলি ইংগিত দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ROP (Revision Of Pay)ৰ সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি শিক্ষকসকলক বিত্ত বিভাগে বিশ্বাসঘাটকতা কৰে বুলি গুৰুতৰ অভিযোগ কৰে শিক্ষক সংগঠনটোৱে৷