আমগুৰিঃ ৩-৬ জানুৱাৰীত শিক্ষকসকলে ব্যস্ত হৈ উৎসাহেৰে গুণোৎসৱ পালন কৰিলে৷ ৰাজ্যৰ শিক্ষানুষ্ঠানে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পালন কৰাৰ মাজত মাথোন দুটা দিন পাৰ হ’ল। গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে প্ৰতিখন বিদ্যালয়ে গুণোৎসৱৰ ব্যাপক উৎসাহেৰে পালন কৰে৷ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈ বিধায়কৰ পৰা আমোলালৈ সকলোৱে কেইটামান দিনৰ বাবে গুণোৎসৱত ব্যস্ত হৈ পৰা দেখা গ’ল৷ তাৰ লগে লগে যেন শিক্ষাক সংস্কাৰ কৰাৰ শ্ল’গান কৰবাত হেৰাই থাকিল৷
কিয়নো ৰাজ্য চৰকাৰে শিক্ষকৰ মাজত কৰ্ম সংস্কৃতি গঢ় দিবলৈ কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ সা-সুবিধা আগবঢ়োৱাৰ লগতে নতুন বছৰৰ পৰা নতুন কৰ্মসূচীৰ ঘোষণা কৰাৰ সময়তে কৰ্মসংস্কৃতিৰ ফোপোলা স্বৰূপ উদঙাই আহিছে একাংশ শিক্ষকে। শিক্ষকৰ ঘৰত বিয়া খাবলৈ গৈ ছাত্ৰ-ছাত্ৰীক ধংসৰ গৰাহলৈ ঠেলি পঠিয়াইছে বিদ্যালয়ৰ শিক্ষকে। শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত কচাৰীলাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে সোমবাৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব এৰি বিয়া খাবলৈ যায়৷