ডিব্ৰুগড়, ৬ এপ্ৰিলঃ ৰাজ্যখনৰ ভেন্সাৰ স্কুলসমূহৰ শ-শ শিক্ষকে একালৰ জাতীয়তাবাদী নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপিক ভোট প্ৰদান কৰিছিল৷ অসমৰ ভিন্ন প্ৰান্তৰ এইসকল শিক্ষকে দিনৰ দিনটো আনৰ সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰে যদিও নিজৰ সন্তানক এসাঁজ খাই এসাঁজ লঘোনে ৰাখিব ৰখা হয়৷ এইসকল শিক্ষকৰ সন্তানে শিক্ষা আধাতে সাং কৰিব লগা হয়৷ উজনি, মধ্য আৰু নামনি অসমৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ-হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাঁজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে৷