84
ডিজিটেল ৰিপ’ৰ্টঃ গুণোৎসৱক তত নাইকিয়া হৈ পৰিছে ৮খন জিলাৰ শিক্ষাগুৰুসকলৰ। এই ৮খন জিলা হৈছে ক্ৰমে বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ মেট্ৰ, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ আৰু মৰিগাঁও। চলিত বৰ্ষৰ ৪ এপ্ৰিলৰ পৰা এই জিলাকেইখনত অনুষ্ঠিত হৈছিল গুণোৎসৱ।
এই গুণোৎসৱৰ ফলাফলসমূহ অহা শনিবাৰে দিনৰ ৯.৩০ বজাত গুৱাহাটীস্থিত অসম প্ৰশাসনিক সেৱাৰ মহাবিদ্যালয় প্ৰাংগনত ঘোষণা কৰা হ’ব। সেই লৈ এতিয়া একাংশ শিক্ষাগুৰুৰ মন উগুল-থুগুল হৈ পৰিছে।