newsnextone.com | বৰচাপৰিঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ অতিশয় পিছপৰা আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্থ সংখ্যালঘু অধ্যুষিত এলেকাধীন বৰচাপৰিত গাঁৱত থকা বৰচাপৰি এমই স্কুলত আজি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰয়াত বৰেণ্য পুৰুষ, কৃতী শিক্ষক আৰু দাৰ্শনিক সৰ্বপল্লী ৰাধা কৃষ্ণনৰ সোঁৱৰণত শিক্ষক দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ 

বিদ্যালয়ৰ প্ৰধান শিক্ষক সাহেদ আলীৰ পৌৰাহিত্যত অনুষ্ঠিত এক মুকলি সভাত কেন্দ্ৰ সমল সমন্বয়ক মাণিক চন্দ্ৰ পাল, পৰিচালনা সমিতিৰ সভাপতি ফকৰউদ্দিন, কেইবাগৰাকী জ্যেষ্ঠ আৰু সহকাৰী শিক্ষক, প্ৰাক্তন ছাত্ৰৰ লগতে গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক মুকলেছুৰ ৰহমানে আঁত ধৰা সভাখনত সহকাৰী শিক্ষক মৰমুজ আলীৰ এক আৰম্ভনি গীতেৰে সভাৰ শুভাৰম্ভনী কৰা হয়৷ 

সভাত কেন্দ্ৰ সমল সমন্বয়ক মাণিক চন্দ্ৰ পালে প্ৰয়াত কৃতী শিক্ষক, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আলোকপাত কৰে৷ শিক্ষক সকলৰ বৃত্তিধাৰী মনোভাৱৰ বাবে সমাজত আদৰ্শ শিক্ষকৰ অভাৱ হৈছে বুলি কোৱাৰ লগতে বিভিন্ন বক্তাই সাৰুৱা বক্তব্য প্ৰদান কৰে৷ আনহাতে, কাৰ্যসূচীত বৰচাপৰিত এল পি স্কুল আৰু বৰচাপৰিত বালিকা এসপ্তাহ স্কুলৰ প্ৰায় দুই শতাধিক শিশু ছাত্ৰ-ছাত্ৰীৰ গীত মাতেৰে অনুষ্ঠান জীপাল হৈ উঠে৷ সভাত বিদ্যালয়খনৰ কৃতী আৰু আদৰ্শ অৱসৰ প্ৰাপ্ত শিক্ষক ৰফিকুল হুছেইনক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়৷