newsnextone.com | লাহোৱালঃ লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ সংসদৰ দ্বাৰা আয়োজিত হয় শিক্ষক দিৱস। সভাত সভাপতিত্ব কৰে মইনা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেধৰ বৰুৱাই। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৃদয়ানন্দ বুঢ়াগোহাঁইয়ে। 

অতিথি হিচাপে উপস্থিত থাকে চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য বুঢ়াগোহাঁই, সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী জিতুল গগৈ, বীৰেন্দ্ৰ চাহু আৰু অনিতা কোঁৱৰ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাতুল গগৈ আৰু চিত্ৰশিল্পী সৃষ্টিধৰ কোঁৱৰৰ উপস্থিতিত সভাখন আঁত ধৰে প্ৰধান সেৱক বাস্তৱ বৰুৱাই। 

শিক্ষক দিৱসত আজীৱন শিক্ষক ড০ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰে হৃদয়ানন্দ বুঢ়াগোহাঁই আৰু ৰাতুল গগৈয়ে। সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে সাহিত্য-সংস্কৃতিৰ সেৱক পৰী গগৈ আৰু স্বাস্থ্য সেৱক বিকাশ কোঁৱৰে। 

বিচিত্ৰানুষ্ঠান পৰিচালনা কৰে কল্যাণ সেৱক ঝৰ্ণা গগৈ আৰু সহযোগী শিক্ষা সেৱক জ্যোতিষ্ণা বুঢ়াগোহাঁইয়ে। শলাগৰ শৰাই আগবঢ়ায় খেল সেৱক নৱজ্যোতি ওৰাঙে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষক দীপা শইকীয়া আৰু যুগল কোঁৱৰক বিশেষ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।