newsnextone.com | তামুলপুৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰৰ ছাত্ৰ ভাৰতীৰ সৌজন্যত আজি শিক্ষক দিৱস পালন কৰা হয়। সেই উপলক্ষ্যে ছাত্ৰ ভাৰতীৰ অধ্যক্ষ জ্যোতিস্মিতা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য বাখ্যা কৰে ছাত্ৰ ভাৰতীৰ মন্ত্ৰী প্ৰেৰণা দাসে। 

বন্তি প্ৰজ্বলনৰে সভাখনৰ শুভাৰম্ভ কৰে নিকেতন পৰিচালনাৰ উপ সভাপতি নবীন চন্দ্ৰ কলিতাই। সুভাষিত, অম্ৰিত বচন আৰু আমাৰ লক্ষ্য পাঠ কৰে ক্ৰমে সমৰজ্যোতি ৰাজবংশী, মনশ্ৰী কলিতা আৰু ধৃতিস্মান শৰণীয়াই। নিকেনৰ প্ৰধান আচাৰ্য সুৰেন্দ্ৰ নাথ কলিতাই ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনৰ পিছতে ছাত্ৰ ভাৰতীৰ একাংশ শিল্পীয়ে পৰিবেশন কৰে সমবেত সংগীত। 

নিকেতনৰ ছাত্ৰী ৰাজশ্ৰী বৈশ্য আৰু ছাত্ৰ প্ৰীতম দাসে আঁত ধৰা সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়ো আৰু অৱসৰপ্ৰাপ্ত শিক্ষক যতীন্দ্ৰ নাথ দাসে ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত প্ৰস্তুতি বৰ্মনে কবিতা আবৃত্তি, চুলি কলিতাই আধুনিক গীত আৰু দশম শ্ৰেণীৰ একাংশ ছাত্ৰীয়ে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। 

উক্ত সভাত ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা আচাৰ্য্য আৰু কৰ্মচাৰী সকলক ফুলাম গামোচা, কলম আৰু ডায়েৰীৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। 

ইপিনে শিক্ষক দিৱস উপলক্ষ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ভাৰতী আৰু আচাৰ্য্য ভাৰতীৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেল খনত আচাৰ্য্য ভাৰতীয়ে ছাত্ৰ ভাৰতীক দুই এক গোলত পৰভূত কৰে।