newsnextone.com | তেজপুৰঃ ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বিশ্ববিশ্ৰুত পণ্ডিত, আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস হিচাপে। শিক্ষক সকলৰ অক্লান্ত শ্ৰমৰ বিনিময়ত এগৰাকী ছাত্ৰ-ছাত্ৰী ভৱিষ্যতে দেশৰ সু-নাগৰিক হিচাপে পৰিগনিত হয়।

শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত সমগ্র দেশৰ লগতে তেজপুৰৰো বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন কৰা হয় গুৰু-শিষ্যৰ এই পবিত্র দিৱসটি। আজি তেজপুৰত জিলা প্ৰশাসন আৰু শিক্ষক সন্থাসমূহৰ সহযোগত ৫৭ সংখ্যক শিক্ষক দিৱস উলহ মালহৰে পালন কৰা হয়৷

পুৱা সম্বধিত শিক্ষক-শিক্ষয়ত্ৰী অংশ গ্ৰহণৰে শোভাযাত্ৰা কৰি জিলা পুথি ভড়ালত উপস্থিত হোৱাৰ পিচত সুধাকণ্ঠৰ ভাতৃ নিপেন হাজৰিকাই বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ শিক্ষক দিৱসৰ অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বৃন্দাবন গোস্বামী আৰু মাধৱ দাস৷ তদুপৰি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শোণিতপুৰ জিলা অতিৰিক্ত উপাযুক্ত কেকে শৰ্মা আৰু পৰাগ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ আজি জিলা খনৰ ৫৮ গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়৷