newsnextone.com | বিহালীঃ আজি ৫ ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষ তথা ৰাজ্যখনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।
সভাপতি বৰুৱাই কয় যে, শিক্ষক সমাজক সন্মান কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বহুবল্কী প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক মাতি নি তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। একেদৰে মহান দাৰ্শনিক, শিক্ষক, সমাজ বিজ্ঞানী, তথা ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পোন প্ৰথমবাৰৰ বাবে জিলা কংগ্ৰেছে পালন কৰে।