newsnextone.com। কাজিৰঙাঃ বোকাখাতস্থিত উজনি অসম একমাত্ৰ দিব্যাংগ কেন্দ্ৰত থকা দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলে ড০ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো কেক কাটি উলহ-মালহেৰে উদ্‌যাপন কৰে।

উল্লেখ্য যে,উজনি অসমৰ বিকলাংগ কেন্দ্ৰত থকা প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দুখন ১৯৯৫ চনতে স্থাপিত হৈছিল যদিও আজি পৰ্যন্ত বিদ্যালয় দুখন প্ৰাদেশীকৃত নহ’ল।

মাহিলি মাত্ৰ দুশ টকা দৰমহাৰে শিক্ষক-শিক্ষয়িত্ৰী সকলে এই দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰি আহিছে। বহু ঘাট-প্ৰতিঘাটৰ মাজত কেন্দ্ৰটোৰ লগতে বিদ্যালয় দুখন চলি আহিছে।

চৰকাৰৰ পৰা ফুটাকৰি এটাও নোপোৱা এই কেন্দ্ৰটোত থকা দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলক দুবেলা-দুমুঠি খুওৱাটোও কঠিন হৈ পৰিছে বিদ্যালয়খনৰ।

এনেধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ পাছটো কেন্দ্ৰটোৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰিলে পবিত্ৰ শিক্ষক দিৱস।