বটদ্ৰৱাঃ গুণোৎসৱ সমাগত৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লোৱা সিদ্ধান্তক বিদ্যালয় সমূহেও আকোৱালি লৈছে৷ তাৰ ফলশ্ৰুতিতেই চৰকাৰী বিদ্যালয় সমূহত অনুষ্ঠিত কৰিব ওলোৱা গুণোৎসৱৰ প্ৰস্তুতিৰ বাবে উঠি পৰি লাগিছে বিদ্যালয় সমূহ৷
গুণোৎসৱৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ বটদ্ৰৱাৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট নাগৰিক আৰু শিক্ষকসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷ নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক মৃদুল নেওঁগৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত শ’লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, শিক্ষাবিদ ভোগেশ্বৰ বৰা, বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা০ মৌচুমী বৰা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট নাগৰিক উপস্থিত থাকি বিদ্যালয়খনৰ ঐতিহ্যক স্মৰণ কৰে৷