কোকৰাঝাৰঃ নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখা, দেশৰ সকলো ৰাজ্যতে ১জানুৱাৰী, ২০১৬ ৰ পৰা সপ্তম দৰমহা অায়োগ কাৰ্যকাৰী কৰা, সম কামৰ বাবে সম দৰমহা প্ৰদান কৰা, প্ৰাথমিক শিক্ষা অাৰু শিক্ষকৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় অায়োগ গঠনৰ দাবীত অান্দোলন অাৰম্ভ কৰা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষা সন্মিলনীৰ অান্দোলন কাৰ্যসূচীৰ সমৰ্থনত অাৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অাহ্বানত অাজি কোকৰাঝাৰ মহকুমা প্ৰাথমিক সন্মিলনীৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ দুই শিক্ষা খণ্ড ক্ৰমে কোকৰাঝাৰ অাৰু দোতমা শিক্ষা উন্নয়ন খণ্ডৰ কেবাশতাধিক শিক্ষকে ধৰ্ণা, বিক্ষোভ, শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
কোকৰাঝাৰ শিক্ষা উন্নয়ন খণ্ডৰ শ্যামগাঁওস্থিত কাৰ্যালয় প্ৰাংগনত অাজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা দুইঘণ্টীয়া ধৰ্ণা অাৰু বিক্ষোভ কাৰ্যসূচীত কেবা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰাপ্য দাবীৰ সমৰ্থনত শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক সুব্ৰত ধৰে ধৰ্ণাত অংশগ্ৰহণ কৰি ৰাজ্যত এতিয়াও চাৰিহাজাৰতকৈ অধিক বিদ্যালয়ত এজনীয়া শিক্ষক অাৰু বহু বিদ্যালয়ত শিক্ষকেই নাই বুলি মন্তব্য কৰি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পৰীক্ষাৰ ব্যৱস্থা নথকাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হোৱা বুলি উল্লেখ কৰে।