বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত মান্দাকাটা হাইস্কুলত চলি থকা ছয়মাহিলী পৰীক্ষাৰ মাজতে নিৰীক্ষকৰ হাতত প্ৰহৃত আৰু বহিঃস্কৃত এজন ছাত্ৰ আজি পুৱা পাহাৰৰ ঘন জংঘলৰ মাজত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয়।
এই ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে চেপা উত্তেজনাৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ এখন বিদ্যালয়ত এনেধৰণৰ ঘটনা পোহৰলৈ অহাত হতভম্ব হৈ পৰিছে অঞ্চলবাসী ৰাইজ।