newsnextone.com | চতিয়াঃ শিক্ষাই যিমানে অনগ্ৰসৰতাক পিছ পেলাই আধুনিকতাৰ সতে খোজ মিলাবলৈ মানুহক সক্ষম কৰি তুলিছে, সিমানে যেন বৃদ্ধিও পাইছে অসামাজিক কাৰ্যকলাপ৷ হত্যা-ধৰ্ষণ-লুন্ঠন আদি ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ তদুপৰি মদ-ভাং আদি নিচাযুক্ত মাদক দ্ৰব্যইও মানুহক লাহে লাহে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে৷
গাঁৱে ভূঞে আজিকালি সহজলক্ষ্য হৈ পৰা নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহাই যুৱ প্ৰজন্মৰ মনৰ পৰা কৰ্মস্পৃহা নহোৱা কৰি অসামজিক কাৰ্যত লিপ্ত হ’বলৈ উদগনি জগাইছে৷ যাৰ ফলত দিনৰ দিনটো মদ-ভাঙৰ নিচাত ডুবি থাকি যুৱ প্ৰজন্মৰ বহু যুৱকে নিজকে বিপথে পৰিচালিত কৰিছে৷