www.newsnextone.com| তেজপুৰঃ ঐতিহ্যমণ্ডিত তেজপুৰৰ এখন ব্যতিক্ৰম ধৰ্মী পূজা। পূজা সমিতি খনে প্ৰতিবছৰে ন ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি আহিছে। অসমৰ স্বাভিমান সম্পদ গামোছা আৰু জাপিৰে পূজাৰ মণ্ডপক সোণত সোৱগা চৰা যেন কৰি তুলিছে কৰ্মীসকলে৷

নলবাৰীৰ পৰা ১৫ শ সৰু বৰ জাপী আৰু গামোছাৰে প্ৰস্তুত কৰি উলিয়াইছে মণ্ডপ। থলুৱা জাপী আৰু গামোছাৰ জৰিয়তে এচাম শিল্পীক উৎসাহিত কৰাৰ পৰিকল্পনা লোৱা সমিতি খনে পূজাৰ সম্পৰ্কত শিপিনী আৰু শিল্পী সকলৰ মংগলৰ কথা কয়৷