ডিজিটেল ৰিপ'ৰ্টঃ পৃথিৱীৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া বুলিলে আমি তৰুণ শইকীয়া আৰু আৰু মনীষ কুমাৰ ডেকা বুলিয়েই জানো। কিন্তু প্ৰকৃততে সেয়া সত্য নহয়। ২০০৮ চনৰ ২২ মে'তেই বিটিএডিৰ বাগছা জিলাৰ দৰংগামেলাৰ কুঞ্চক টেম্পা নামৰ অসমীয়া পৰ্বতাৰোহীগৰাকীয়ে মাউণ্ট এভাৰেষ্টত ভৰি থৈ বিজয়ধ্বজ্জা হিচাপে উৰুৱাইছিল অসমীয়াৰ চেনেহৰ গামোচাখন। ইয়াৰ ৫ বছৰ পিছত ২০১৩ চনত এভাৰেষ্টত ভৰি থৈছিল তৰুণ-মনীষে।

♦ এভাৰেষ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো প্ৰদৰ্শন
♦ ২০০৮ চনতে হিমালয়ৰ শিখৰত ভৰি থৈছিল বাগছাৰ টেম্পাই
♦ ৰহস্যজনক কাৰণত দিয়া নহ'ল প্ৰথম অসমীয়াৰ স্বীকৃতি

কুঞ্চক টেম্পাই যে প্ৰথম অসমীয়া যিয়ে এভাৰেষ্টৰ বুকুত গামোচা উৰুৱাইছিল সেই সত্য জানিও ৰহস্যজনক কাৰণত অসম পৰ্বতাৰোহণকাৰী সংস্থাই এতিয়ালৈকে কুঞ্চক টেম্পাক মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথম অসমীয়া বুলি ঘোষণা কৰা নাই তথা স্বীকৃতি প্ৰদান কৰা নাই। ১৯৪৮ চনতে অৰুণাচলৰ পৰা অসমলৈ আহি স্থায়ী বসতি আৰম্ভ কৰা কুঞ্চকৰ পৰিয়ালটো প্ৰকৃততে হাড়ে হিমুজুৱে অসমীয়া হৈ পৰে। কুঞ্চক টেম্পাই দৰংগামেলাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি সেনাবাহিনীত ভৰ্তি হয়।

ভাৰতীয় সেনাবাহিনীৰ পৰ্বতাৰোহণকাৰীৰ গুৰু বুলি খ্যাত কৰ্ণেল অশোক এবেৰ প্ৰচেষ্টাত আৰু কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উৎসাহত কুঞ্চক টেম্পা দক্ষ পৰ্বতাৰোহণকাৰী হিচাপে গঢ় লৈ উঠে আৰু ২০০৮ চনৰ ২২ মে'ত প্ৰথমবাৰৰ বাবে এভাৰেষ্ট বিজয় কৰে। ওদালগুৰিত সেনাৰ ৰিক্ৰুইটমেণ্ট ৰেলীত ভৰ্তি হোৱা কুঞ্চকৰ জ্যেষ্ঠ ভাতৃয়ে এতিয়াও দৰঙামেলাতে বসবাস কৰে। ছুটী লৈ কুঞ্চক নিজ ঘৰলৈ আহে আৰু নীৰৱে গুচি যায়। 

অৱশ্যে ইয়াৰ মাজতে কোকৰাঝাৰ আৰক্ষী অধীক্ষক তথা আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ৰেফাৰী ৰাজেন সিঙৰ প্ৰচেষ্টাত কুঞ্চক লাইমলাইটলৈ আহে। ২০১৬ চনৰ ২০ অক্টোবৰত যুৱ আৰু ক্ৰীড়া কল্যাণ মন্ত্ৰীয়ে কুঞ্চকক সম্বৰ্ধনা জনায়। ৰাজেন সিঙৰ অনুৰোধৰ ভিত্তিতেই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বডোলেণ্ড শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ দিনা অৰ্থাৎ ২০১৬ চনৰ ২৮ অক্টোবৰত কুঞ্চকক সম্বৰ্ধনা জ্ঞাপন কৰে। 

কুঞ্চকে পুনৰাই মন মেলে এভাৰেষ্ট জয় কৰিবলৈ। এইবাৰ অক্সিজেন মাক্স অবিহনেই পৃথিৱীৰ শিখৰত ভৰি থবলৈ প্ৰতিজ্ঞাৱদ্ধ হয় কুঞ্চক। লগত লৈ যায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো, আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ ফটো, কৰ্ণেল জয়ন্ত বৰাৰ ফটো আৰু ক্ৰীড়া মন্ত্ৰীৰ ফটো। অৱশেষত যোৱা ২১মে'ত দ্বিতীয়বাৰৰ বাবে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰিবলৈ সমৰ্থ হয় অসম সন্তানজন। এভাৰেষ্টত ভৰি থৈয়েই তেওঁ অন্যান্যসকলৰ লগতে প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দৰ ফটো, যিটো ৰাজ্যৰ ইতিহাসত বিৰল।

উল্লেখ্য যে, এভাৰেষ্টত কোনো অসমীয়াই ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ ফটো প্ৰদৰ্শন কৰা নাই। সেয়ে কুঞ্চকৰ এই প্ৰচেষ্টাত আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। সেয়েহে আজি ফোনযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কুঞ্চকক অভিনন্দন জ্ঞাপন কৰে। ফোনৰ সিটো মূৰৰ পৰা কুঞ্চকে মুখ্যমন্ত্ৰীক অসমত পৰ্বতাৰোহণকাৰী প্ৰতিষ্ঠান খোলাৰ বাবে অনুৰোধ জনায়। অৱসৰৰ পিছত নিজেই প্ৰশিক্ষক হব আৰু সৰ্বোচ্চ উজাৰি দিব বুলিও মুখ্যমন্ত্ৰীৰ আগত আগ্ৰহ ব্যক্ত কৰে অসম সন্তানজনে।

এভাৰেষ্টৰ উচ্চতাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো প্ৰদৰ্শন কৰা দ্বিতীয়বাৰৰ বাবে এভাৰেষ্ট জয় কৰা কুঞ্চক এতিয়া চিকিৎসাধীন হৈ আছে। এভাৰেষ্ট বিজয়ৰ সময়ত স্ন'বাইটত আক্ৰান্ত হৈছিল তেওঁ। আঙুলি এটা কাটিবলগীয়া হ'ব পাৰে বুলিও চিকিৎসকে শংকা ব্যক্ত কৰিছে।

এয়াই কুঞ্চক যিয়ে ২০০৮ চনতে এভাৰেষ্টৰ বুকুত গামোচা উৰুৱাইছিল অথচ নামৰ পিছত  লাগি নাথাকি পুনৰাই দ্বিতীয়বাৰৰ বাবে এভাৰেষ্ট জয় কৰা তথা এভাৰেষ্টৰ শিখৰত খোজ পেলোৱা প্ৰথম অসমীয়া। কুঞ্চকক প্ৰাপ্য মৰ্যদা দিয়াক লৈ আমি কৃপণালি কৰিছো যদিও সেই লৈ আক্ষেপ নাই কুঞ্চকৰ। অসমত পৰ্বতাৰোহণৰ প্ৰতিষ্ঠান খোলাৰ সপোন কঢ়িয়াই লৈ ফুৰা কুঞ্চকৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব।