ডিব্ৰুগড়ঃ ৰাইজৰ ৰোষত দুলীয়াজানৰ বিজেপিৰ বিধায়ক তেৰছ গোৱালা। বিধায়ক গোৱালা শুকুৰবাৰে ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল মূঢ়ানি আমগুৰিলৈ৷

নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেৰছ গোৱালাৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷

বিধায়ক গোৱালাই 'দলৰ স্থিতিয়ে মোৰ স্থিতি' অৰ্থাৎ বিধেয়কৰ সপক্ষে মত ব্যক্ত কৰে৷ লগে লগে উপস্থিত ৰাইজৰ ৰোষত পৰে বিজেপিৰ বিধায়কজন৷

ৰাইজে 'তেৰছ গোৱালা মুৰ্দাবাদ’, 'বিজেপি গ’ বেক’, 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক হুচিয়াৰ’ আদি ধ্বনিৰে পৰিৱেশ উত্তল কৰি তোলে।

পৰিস্থিতি বিষম দেখি সভাস্থলী এৰি ছত্ৰভংগ দিলে নেতা-পালিনেতাসহ বিধায়ক তেৰছ গোৱালা।