newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান ঈদৰ ব্যপক উছাহ-উদ্দীপনাৰ মাজতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ বিগত ডেৰ মাহ ধৰি ইটোৰ-পিছত সিটো সন্ত্ৰাসবাদী আক্ৰমণে জম্মু-কাশ্মীৰৰ পৰিৱেশ অশান্ত কৰি তুলিছে৷ যাৰ ফলত শনিবাৰে ইছলাম ধৰ্মালম্বীৰ ধৰ্মীয় উৎসৱ ঈদ পালনৰ মাজতে জম্মু-কাশ্মীৰবাসী পুনৰ এবাৰ মৃত্যুৰ আশংকাত ভূগিছে৷
জম্মু-কাশ্মীৰত প্ৰায় একেৰাহে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত জম্মু-কাশ্মীৰত পৰিস্থিতি বিষময় হৈ পৰা পৰিলক্ষিত হৈছে৷