কাশ্মীৰঃ নিৰস্ত্ৰ অৱস্থাত ভগ্নীৰ বিবাহ অনুষ্ঠানত ব্যস্ত থকাৰ পৰা টানি আনি উচ্চ পদস্থ সেনা বিষয়াক হত্যা কৰি পৈশাচিক উল্লাস কৰা সন্ত্ৰাসবাদীৰ ওপৰত মধুৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই।
যোৱা ২৪ ঘণ্টাত কাশ্মীৰত সেনাৰ গুলিত পাকিস্তান মদতপুষ্ট কমেও ১০জন সন্ত্ৰাসবাদী নিহত হয়। সেনাৰ নডাৰ্ণ কমাণ্ডৰ মুখপাত্ৰই জনোৱা মতে, পাকিস্তানে কাশ্মীৰত চলাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে চলোৱা অভিযানৰ সময়ত হোৱা সংঘৰ্ষত এই সন্ত্ৰাসবাদী কেইজনে প্ৰাণ হেৰুৱায়।