ডিজিটেল ডেস্কঃ দেশত ৰাসায়নিক আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। এই সংবাদ লাভ কৰাৰ পিছতে সতৰ্ক হৈ পৰিছে কেন্দ্ৰ। ইতিমধ্যে ৰাজ্যসমূহক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। বিমান বন্দৰ, ৰেল আৰু মেট্ৰ’ ষ্টেশ্যন, বাছ আস্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 

চোৰাংচোৱা সূত্ৰৰ খবৰ অনুযায়ী পাক সমৰ্থিত কেবাটাও সন্ত্ৰাসবাদী সংগঠনে ভাৰতত প্ৰৱেশ কৰি জনসমাগম ঘটা ঠাইসমূহত সৰু-বৰ ৰাসায়নিক আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ উক্ত খবৰৰ ভিত্তিতে ১ ছেপ্তেম্বৰত ৰাজ্যসমূহক সতৰ্ক কৰি পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰে।

ইণ্ডিয়া টুডেত প্ৰকাশিত খবৰ অনুযায়ী গৃহ মন্ত্ৰণালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই উক্ত পত্ৰত সন্ত্ৰাসবাদীয়ে ভাৰতত ৰাসায়নিক আক্ৰমণ চলাব পাৰে বুলি সতৰ্ক কৰি কৰি দিছে। পত্ৰখনত বিমান বন্দৰসমূহত আক্ৰমণৰ আংশকা অধিক বুলিও কোৱা হৈছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াত একাধিক স্থানত শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনসমূহে এনে আক্ৰমণ সংঘটিত কৰাৰ চেষ্টা চলোৱা দেখা গৈছে। অৱশ্যে অষ্ট্ৰেলিয়াৰ নিৰাপত্তা বাহিনীৰ তৎপৰতাত সেয়া ব্যৰ্থ হৈ পৰে। তালৈ চাই ৰাজ্যসমূহক নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুটি নাৰাখিবলৈ স্পষ্টকৈ কোৱা হৈছে।