ডিজিটেল ডেস্কঃ দেশত ৰাসায়নিক আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। এই সংবাদ লাভ কৰাৰ পিছতে সতৰ্ক হৈ পৰিছে কেন্দ্ৰ। ইতিমধ্যে ৰাজ্যসমূহক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। বিমান বন্দৰ, ৰেল আৰু মেট্ৰ’ ষ্টেশ্যন, বাছ আস্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
চোৰাংচোৱা সূত্ৰৰ খবৰ অনুযায়ী পাক সমৰ্থিত কেবাটাও সন্ত্ৰাসবাদী সংগঠনে ভাৰতত প্ৰৱেশ কৰি জনসমাগম ঘটা ঠাইসমূহত সৰু-বৰ ৰাসায়নিক আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ উক্ত খবৰৰ ভিত্তিতে ১ ছেপ্তেম্বৰত ৰাজ্যসমূহক সতৰ্ক কৰি পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰে।