মুৰফুলনিঃ কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনাৰ জৰিয়তে বি.এড, ডি. এল. এড অবিহনেই এল.পি. আৰু এম.ই. টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰৰ বৰ্তমান শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা আদৰণীয় যদিও এই ঘোষণাই শৈক্ষিক সমাজত বি.এড., ডি.এল. এড. ডিগ্ৰী থকাসকলৰ মাজত সৃষ্টি কৰিছে অনিশ্চয়তাৰ।
২০১০ চনত সম্পূৰ্ণ নিকা আৰু মেধা ভিত্তিত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকসকলে কম মজুৰিত ত্যাগ আৰু সেৱাৰ মনোভাবেৰে সেৱা আগবঢ়াই অহা এই শিক্ষকসকলৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আকোঁৰগোজ স্থিতিত চিন্তিত হৈ পৰিছে তেওঁলোকৰ ভৱিষ্যতকলৈ।