নগাঁওঃ ২০১০ চনৰ আগষ্টত ৰাজ্যখনৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্বচ্ছ আৰু মেধাৰ ভিত্তিত নিযুক্তি দিয়া প্ৰায় ৭ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বৈষম্যৰ বলি হোৱাৰ চাঞ্চল্যকৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে৷
যাৰ পৰিণতিত চাকৰি সম্পৰ্কীয় এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত এইসকল শিক্ষকে চৰম হতাশাত ভুগিবলগীয়া হৈছে৷ স্মৰ্তব্য, ২০১০ বৰ্ষত এখন উচ্চস্তৰীয় কমিটীৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যৰ হাইস্কুলসমূহৰ গুণগত মান অধিক উন্নত আৰু সুস্থিৰ কৰি তোলাৰ লক্ষ্যৰে ইংৰাজী, সাধাৰণ বিজ্ঞান, গণিত আৰু বিজ্ঞান বিষয়ৰ বাবে নিযুক্তি দিয়া ঠিকাভিত্তিক এই শিক্ষকসকলক লৈ যেন তিলমানো উদ্বিগ্ন নহয় শিক্ষা বিভাগ৷