মোৰাঝাৰঃ শিক্ষকক প্ৰত্যকগৰাকীয়ে লোকে জীৱনৰ শ্ৰেষ্ঠ গুৰু বুলি ভাবে। জীৱনত শিক্ষাৰ মূল শিপাডাল আৰম্ভ হয় শিক্ষাগুৰুৰ পৰাই। শিক্ষাগুৰু বুলিলেই যেন সন্মানত আপোনা আপোনি শিৰনত হয় সকলোৰে।সকলোকে উচ্চ নীচ, ধৰ্মত বিভেদ সৃষ্টি নকৰিবলৈ শিকায় শিক্ষক সকলে।
কিন্তু বৰ্তমান সময়ত একাংশ শিক্ষকৰ বাবে যেন কলুষিত হৈছে শিক্ষকসকল।আজি কিমানে মানি চলে শিক্ষকৰ নীতি।এই প্ৰশ্ন উত্থাপিত হৈ তকাৰ সময়তে এইবাৰ শিক্ষকতাৰ দৰে বৃত্তিত চেকা লগালে হোজাইৰ এজন টেট শিক্ষকে। তেও হৈছে শিক্ষক অনুপ দাস।