জাগীৰোডঃ ৰাজ্যত নিৰাপত্তাহীনতাত ভুগিছে টেট শিক্ষয়িত্ৰীসকলে। বিশেষকৈ সংখ্যালঘু প্ৰধান চৰ-চাপৰি অঞ্চলসমূহত টেট শিক্ষয়িত্ৰীসকলে পদে পদে ভয়-শংকাৰ মাজেৰে কৰ্তব্য সমাপন কৰিবলগীয়াত পৰিছে।
দিনদিয়েক পূৰ্বে শোণিতপুৰ জিলাৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছ’চিয়েল মিডিয়াযোগে কৰ্তব্যৰত বিদ্যালয়খনৰ সমীপৰ একাংশ লোকৰ নিৰ্যাতনৰ বলি হোৱাৰ কথা প্ৰকাশ কৰাৰ পিছতে পুনৰ আন এগৰাকী টেট শিক্ষয়িত্ৰীয়ে অনুৰূপ অভিযোগ উত্থাপন কৰা বিষয়টোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। এইবাৰৰ ঘটনাৰ স্থান হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট।