37
বিলাসীপাৰাঃ শেহতীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৩৪ নন্বৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষকত্রী মমতা কুমাৰীৰ ৰহস্য জনক মৃত্যুকলৈ অঞ্চলটোত চাঞ্চ্যলতাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, মমতা কুমাৰীৰ ৰহস্যজনক মৃত্যুকলৈ মঙলবাৰে বিলাসীপাৰা গান্ধী চকত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বজৰংগ দলৰ সৌজন্যত এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী সাব্যস্ত কৰে।