পাটনাঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজপ্ৰতাপ যাদৱে বিবাহৰ ছমাহৰ পাছতে বিচ্ছেদৰ বাবে আদালতত আবেদন কৰিছে৷ যোৱা ১২ মে’ত বিহাৰৰে প্ৰাক্তন মন্ত্ৰী এজনৰ কন্যা ঐশ্বৰ্যা ৰায়ৰ সৈতে তেজপ্ৰতাপৰ বিবাহ হৈছিল।
বিবাহ বিচ্ছেদৰ আবেদনৰ কথা গম পোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰীজনে তেজপ্ৰতাপৰ মাতৃ ৰাবৰি দেৱীক সাক্ষাৎ কৰে৷ ইফালে ৰাঁচিৰ কাৰাগাৰত বন্দীহৈ থকা লালু প্ৰসাদ যাদৱে পুত্ৰ তেজক আলোচনাৰ বাবে মতাই পঠাইছে৷ সম্পৰ্কীয় লোকৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিচ্ছেদ আবেদন উঠাই লোৱাবৰ বাবে চেষ্টা অব্যাহত আছে৷