তেজপুৰঃ বালিপৰাৰ আৱকাৰী বিভাগৰ ছত্ৰছায়াত এতিয়া একাংশ সুৰা বেপাৰীয়ে চলাইছে গুণ্ডাগিৰি৷ অবৈধ সুৰা বেহা বন্ধ কৰিবলৈ যোৱা আছুৰ কৰ্মী ওপৰত চলিল সুৰা ব্যৱসায়ীৰ আক্ৰমণ।
উল্লেখ্য যে বিগত দিনৰ দৰেই বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে শুকুৰবাৰেও বালিপৰা চাৰিদুৱাৰৰ বিভিন্ন ঠাইত চলাছিল সুৰা বিৰোধী অভিযান। তেনে সময়তে বালিপৰাৰ সমিপৱৰ্তী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এ আৰ ৰেষ্টুৰেন্টত সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।