29
Jun
2019

তেজপুৰঃ শোণিতপুৰ চলাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ৱাগনাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন। আহত ২ জন লোক।
নিহত লোকজন নাৰায়নপুৰৰ শিমলুগুৰিৰ চন্দ্ৰ সেনাপতি বুলি জানিব পৰা গৈছে। ৱাগনাৰ বাহনখনৰ নম্বৰ AS12J6690। আহত আটাইকেইজনকে চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিবপৰা মতে ৱাগনাৰ বাহনখন তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰপৰা অহা পদ্মলোচন নামৰ আল্ট্ৰা বাছখনৰ সৈতে মুখামুখি সংঘৰ্স হোৱাৰ ফলতে উক্ত দুৰ্ঘটনাটি সংঘটিত হয়। ৱাগনাৰখনত থকা তিনিজন আৰোহী ক্ৰমে চন্দ্ৰকান্ত সেনাপতিৰ থিতাতে নিহত হোৱাৰ লগতে প্ৰফুল্ল বৰা আৰু নৱজ্যোতি বৰা নামৰ লোককেইজন গুৰুতৰভাৱে আহত হয়।