তেজপুৰ, অপুৰ্ব বৰাঃ আদিবাসী সকলক নিজৰ অধিকাৰৰপৰা বঞ্চিত কৰি অহাটো অসমত ডাঙৰ কথা নহয়৷ বিদেশী ইংৰাজৰ দিনৰ পৰাই শোষণ-শাসন, নিষ্পেষণৰ বলি হৈ অহা আদিবাসী সকলে নিজৰ অধিকাৰৰ বাবে জংগী আন্দোলন কৰিব লগা হৈছে৷
শুকুৰবাৰে তেজপুৰত থকা উপাযুক্ত কাৰ্যলয়ত ধৰ্ণা কায্যসুচী পালন কৰে আদিবাসী সকলৰ উমৈহতীয়া মঞ্চৰ শোনিতপুৰ জিলা সমিতিয়ে। প্ৰতিবাদকাৰীসকলে চৰকাৰে আদিবাসী সকলক প্ৰাপ্যৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কাৰ্যকৰি নকৰাত আদিবাসী সকল ক্ষোভিত হৈ বিদ্ৰোহ কৰি নিজ অধিকাৰ বিচাৰিব লগা হৈছে বুলিও মন্তব্য কৰে৷