তেজপুৰঃ ভূমিহীন কৃষকক মাটিৰ পট্টা দিয়াৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল কৰিলে তেজপুৰ চহৰ৷ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ওলাই অহা লোকসকলে শীঘ্ৰে ভূমিহীনক মাটিৰ পট্টা দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে তেজপুৰৰ আকাশ বতাহ কপাই তোলে।
আজি পুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত তেজপুৰৰ জয়মতী পথাৰত সমবেত হয় হাজাৰ হাজাৰ লোক৷ জয়মতী পথাৰৰ পৰা অখিলৰ নেতৃত্বত তেজপুৰ চহৰলৈ আহে৷ তেজপুৰ প্ৰশাসনে সমদল কৰি অহা হাজাৰ হাজাৰ লোকক বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু প্ৰশাসন মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়৷